ৱিকি নিউজ - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকি নিউজ
wikinews.orgৰ মুখ্য পৃষ্ঠাৰ স্ক্ৰীনশ্বট
ছাইটৰ প্ৰকাৰ
ৱিকি বাতৰি
উপলব্ধ ভাষা
বহুভাষী
মুখ্য কাৰ্যালয়
Miami, ফ্ল'ৰিডা
মালিক
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টি কৰা ব্যক্তি
ৱিকিপিডিয়া সমাজ
ৱেবছাইট
wikinews.org
বাণিজ্যিক
নহয়
পঞ্জীয়ন
ঐচ্ছিক
ৱিকি নিউজ
বা
ৱিকি সংবাদ
ইংৰাজী
Wikinews
) হৈছে ৱিকিৰ মুক্ত সংবাদৰ উৎস আৰু
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৰ ভগ্নীপ্ৰকল্প। এই ছাইটটো সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলোৰ সহযোগত পৰিচালিত হয়। ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক
জিম্মী ৱেলছ
-এ ৱিকি নিউজ আৰু ৱিকিপিডিয়াৰ বিষয়ে কৈছে যে, "ৱিকিনিউজত প্ৰতিটো কাহিনী বিশ্বকোষৰ প্ৰবন্ধৰ বিপৰীতে বাতৰি হিচাপে লিখিব লাগে।."
ৱিকি নিউজৰ নিৰপেক্ষ নীতিসমূহে ইয়াক অন্যান্য সংবাদ মাধ্যম সমূহৰ পৰা পৃথক কৰিছে
। ৱিকি নিউজত মূল সংবাদ আৰু সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ই
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৰ আন আন ভগ্নীপ্ৰকল্প সমূহৰ পৰা ৱিকি নিউজক পৃথক কৰিছে।
Thelwall et al.ৰ মতে, বিভিন্ন উল্লেখযোগ্য খবৰ পৰিৱেশন কৰি ৱিকি নিউজ সফল হৈছে।
হাৰিকেন কাট্ৰিনা
আৰু
ভাৰ্জিনিয়া টেক শ্বুটিঙ
ৰ দৰে সংবাদো ইয়াত যুগুত কৰা হৈছে।
প্ৰাৰম্ভিক কাল
সম্পাদনা কৰক
এই বেটা ভাৰ্ছন ল'গ'টো ২০০৫ চনৰ ১৩ ফেব্ৰুৱাৰী লৈকে ব্যৱহাৰ কৰা হৈছিল
ৱিকিপিডিয়া
সমাজৰ মেটা-ৱিকিত ২০০৩ চনৰ ৫ জানুৱাৰীত প্ৰথমবাৰৰ
বাবে কোনো অজ্ঞাত লোকে ৱিকিপিডিয়া নিউজৰ বাবে প্ৰস্তাৱ দিয়ে।
ডেনিয়েল এলষ্টন
ইংৰাজী
:Daniel Alston, ৱিকিপিডিয়াত তেওঁ Fonzy নামেৰে সম্পাদনা কৰে
)-এ দাবী কৰিছে যে, তেঁৱেই এই প্ৰস্তাৱটো দিছিল।
এই প্ৰস্তাৱটো এগৰাকী সাংবাদিক, ছফ্টৱেৰ ডেভেল'পাৰ আৰু লেখক
এৰিক মল্লাৰ
ইংৰাজী
:Erik Möller)-এ পুনৰ উত্থাপন কৰে।
প্ৰথমতে, ৱিকিপিডিয়াৰ লগত জড়িত বহুতো লোকে এই প্ৰস্তাৱটোৰ বিৰোধিতা কৰিছিল।
২০০৪ চনৰ নৱেম্বৰত এই ৱিকি
নিউজ ছাইট
টোৱে কেনেদৰে কাম কৰিব সেয়া প্ৰদৰ্শন কৰা হয়। ২০০৪ চনত ছাইটটো "ডেম'" (demo)ৰ পৰা "
বেটা
" অৱস্থালৈ স্থানান্তৰ কৰা হয়। সেই সময়তে,
জাৰ্মান ভাষা
তো ইয়াৰ উন্মোচন কৰা হয়। ইয়াৰ পিছতে
ইটালিয়ান
ওলন্দাজ
ফৰাচী
স্পেনীছ
ছুইডিছ
বুলগেৰিয়ান
প'লিছ
পৰ্তুগীজ
ৰোমানিয়ান
ইউক্ৰেনিয়ান
ছাৰ্বিয়ান
জাপানী
ৰুছ
হিব্ৰু
আৰবী
থাই
নৰৱেজিয়ান
চীনা
তুৰ্কীছ
কোৰীয়
হাংগেৰিয়ান
গ্ৰীক
এছপেৰাণ্ট'
চেক
আৰু
আলবেনিয়ান
ভাষাটো ইয়াৰ প্ৰতিষ্ঠা কৰা হয়।
ৱিকিনিউজত
English Wikinews publishes 10000th article
বিষয়ক বাতৰি চাওক।
২০০৫ চনৰ ১৩ মাৰ্চত ইংৰাজী ভাষাৰ ৱিকিনিউজত প্ৰবন্ধৰ সংখ্যা ১,০০০ অতিক্ৰম কৰে। কেইমাহমানৰ পাছতে, ২০০৫ চনৰ ছেপ্তেম্বৰত এই প্ৰকল্পটোক
ক্ৰিয়েটিভ কমন্স এট্ৰিবিউছন ২.৫ লাইচেন্স
লৈ স্থানান্তৰ কৰা হয়।
10
২০০৬ চনৰ ২৯ এপ্ৰিলত ইয়াৰ প্ৰবন্ধৰ সংখ্যা ৫,০০০ আৰু ২০০৭ চনৰ ৫ ছেপ্তেম্বৰত প্ৰবন্ধৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰে।
সাক্ষাৎকাৰ
সম্পাদনা কৰক
২০০৭ চনত ইজৰাইলী ৰাষ্ট্ৰপতি
ছিমন পেৰেছ
ৰ সৈতে ৱিকি নিউজৰ সাংবাদিক
ডেভিড শ্বেংকব'ন
ৱিকি নিউজৰ সাংবাদিক সকলে বহুতো প্ৰসিদ্ধ ব্যক্তিৰ লগত সাক্ষাৎকাৰৰ আয়োজন কৰিছে। ২০০৭ চনৰ ডিচেম্বৰত, ৱিকি নিউজে ইজৰাইলী ৰাষ্ট্ৰপতি আৰু শান্তিৰ নোবেল বঁটা বিজয়ী
ছিমন পেৰেছ
ৰ সৈতে সাক্ষাৎকাৰ লৈছিল
11
12
। বিভিন্ন লেখক, অভিনেতা আৰু ৰাজনৈতিক নেতাৰ সৈতেও ৱিকি নিউজে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে
13
। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
টনি বেন
এৰিক ব'গছিয়ান
নিক স্মিথ
জন কী
, আৰু ৱৰ্ল্ড ৱাইড ৱেবৰ সহ-উদ্ভাৱক
ৰবাৰ্ট চাইল্লিয়াও
ৰ নাম উল্লেখযোগ্য।
11
লক্ষ্য
সম্পাদনা কৰক
ৱিকি নিউজৰ মূল লক্ষ্য হৈছে "ছাইটটোৰ তথ্যসমূহ প্ৰাসঙ্গিক, সত্যতাৰ ওপৰত নিৰ্ভৰ কৰা উচিত আৰু ইয়াক এটা মুক্ত সংবাদৰ উৎস হিচাবে গঢ় দিয়া। " সাম্প্ৰতিক কালৰ বিভিন্ন ঠাইৰ সংবাদ সমূহ ইয়াত পৰিবেশন কৰা হয়।
বৈশিষ্ট্য
সম্পাদনা কৰক
ৱিকিপিডিয়া ফাউণ্ডেশ্যনৰ অন্যান্য প্ৰকল্পৰ দৰে ৱিকি নিউজটো নিৰপেক্ষতা আৰু তথ্য সূত্ৰৰ দৰে বৈশিষ্ট্যসমূহ আছে। ইয়াৰ উপৰিও প্ৰবন্ধ সমূহত ব্যক্তিগত মন্তব্য সমূহ দিয়া নহয়।
নিৰপেক্ষতা
সম্পাদনা কৰক
ৱিকিনিউজ কোনো প্ৰবন্ধ লিখাৰ সময়ত ইয়াৰ নিৰপেক্ষতাৰ ওপৰত লক্ষ্য ৰখা হয়। ইয়াৰ অৰ্থ হৈছে যে ৱিকি নিউজৰ প্ৰবন্ধ সমূহ তথ্যভিত্তিক হ’ব লাগিব। কেতিয়াবা কোনো এটা বিষয়ৰ ওপৰত বিভিন্নজনৰ ভিন্ন মত দেখা যায়, তেতিয়া নিৰপেক্ষ হৈ সকলোৰে মতসমূহ উল্লেখ কৰা হয়। যদি বিষয়টো বিতৰ্কিত হয়, তেতিয়া নিৰপেক্ষ হৈ ইয়াৰ ভাল আৰু বেয়া দুয়োটা দিশ লিখা হয়।
শুদ্ধতা প্ৰমাণ
সম্পাদনা কৰক
ৱিকি নিউজৰ প্ৰবন্ধ সমূহত উৎস উল্লেখ কৰা হয়। আনহাতে ৱিকিপিডিয়াত তথ্য সূত্ৰ উদ্ধৃত দিয়া হয়। পঢ়ুৱৈ সকলে ইয়াত পঢ়াৰ উপৰিও প্ৰবন্ধটোৰ সত্যতাৰ বাবে অনলাইন বাতৰি কাকতৰ উৎস সমূহো পঢ়িব পাৰে। য’ৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা হয়, সেয়া সংবাদ সমূহৰ উৎস বুলি ধৰা হয়। যদি কোনো এটা সংবাদত ছাইট অথবা উৎসৰ তথ্য পোৱা নাযায়, সেয়া "মূল সংবাদ" বুলি ধৰা হয়।
সম্পাদনা
সম্পাদনা কৰক
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৰ অন্যান্য ভগ্নীপ্ৰকল্প সমূহৰ দৰে, ৱিকি নিউজৰ সংবাদ সমূহ সকলোৱে সম্পাদনা কৰিব পাৰে। প্ৰবন্ধটো লিখাৰ এসপ্তাহৰ পাছত প্ৰবন্ধসমূহ সুৰক্ষিত কৰা হয়, যাতে কোনেও ইয়াক বিনষ্ট কৰিব নোৱাৰে। এই সমূহ
প্ৰেছ এডিটৰ
(Press Editor) আৰু প্ৰশাসক সকলেহে সম্পাদনা কৰিব পাৰে। ৱিকি নিউজত যিকোনো লোকেই নতুন প্ৰবন্ধৰ সৃষ্টি কৰিব পাৰে। ইয়াক সুৰক্ধষিত কৰাৰ আগতে যিকোনো লোকেই সম্পাদনা কৰিব পাৰে। অন্যান্য ভগ্নী প্ৰকল্প সমূহৰ দৰে ৱিকি নিউজৰ প্ৰবন্ধ সমূহৰ উৎসৰ উদ্ধৃতি দিয়া, ঘটনা সমূহ update কৰি ইয়াৰ মান উন্নত কৰিবৰ বাবে বহুলোকৰ সম্পাদনাৰ প্ৰয়োজন হ’ব পাৰে। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্যান্য ভগ্নীপ্ৰকল্প সমূহৰ দৰে, ৱিকি নিউজৰ প্ৰশাসক সকলৰ হাতত যিকোনো সভ্যকে নিষ্ক্ৰিয় অথবা সক্ৰীয় কৰিব পৰা ক্ষমতা আছে। ইয়াৰ উপৰিও তেওঁলোকে প্ৰবন্ধসমূহ সুৰক্ষিত কৰি ৰখাৰ লগতে কোনো সম্পাদকৰ অনুৰোধত প্ৰবন্ধ সমূহ সম্পাদনাৰ বাবে অনুমতি দিয়ে।
নীতিসমূহ
সম্পাদনা কৰক
ৱিকিপিডিয়াৰ ব্যৱহাৰকাৰীসকলে নিজাকে কিছুমান নীতি প্ৰস্তুত কৰি লৈছে। ৱিকি নিউজক এখন মুক্ত সংবাদৰ উৎস আৰু উন্নত মানদণ্ডৰ সৃষ্টি কৰিবৰ বাবে এই নীতি সমূহ মানি চলা হয়। বিভিন্ন প্ৰকাৰৰ সংবাদৰ বাবে ৱিকি নিউজৰ কিছুমান নিৰ্দিষ্ট নীতি আছে আৰু ইয়াৰে কিছুমান নীতি সকলোৰে বাবে প্ৰযোজ্য। সকলো লোকেই বিভিন্ন জনৰ মতক সন্মান জনোৱা উচিত। অন্যথা তথ্যসমূহ মোহাৰি পেলোৱা হ’ব পাৰে।
ৱিকিনিউজৰ কেইটামান নীতি হৈছে:
ৱিকি নিউজ হৈছে বাতৰিৰ উৎস
: কোনো সংবাদ যদি ইয়াৰ নীতি-নিয়ম মানি নচলে, তেতিয়া ইয়াক পুনৰ লিখা হয় অথবা মোহাৰি পেলোৱা হয়।
আনক সন্মান জনোৱা উচিত
: ৱিকি নিউজৰ সম্পাদক সকল বিভিন্ন দেশ আৰু বিভিন্ন সংস্কৃতিৰ লোক। সেয়ে সকলোৰে মত ভিন্ন হ’ব পাৰে। এনে হ’লে, আনৰ মতকো সন্মান জনায় সমূহীয়াকৈ প্ৰবন্ধটোৰ মান উন্নত কৰাত সহায় কৰা উচিত।
কপিৰাইট মানি চলা
: ৱিকি নিউজৰ সংবাদৰ উৎস সমূহ ক্ৰিয়েটিভ কমন্স এট্ৰবিউশ্বন ২.৫ৰ অধীনৰ। সেয়ে কপিৰাইটৰ নিয়ম মানি চলি ইয়াক এখন মুক্ত সংবাদৰ উৎসলৈ উন্নীত কৰাত সহায় কৰা উচিত।
নিৰ্দিষ্ট মতৰ ওপৰত গুৰুত্ব দিয়া অনুচিত
: সকলো প্ৰবন্ধ নিৰপেক্ষতাৰে লিখা উচিত আৰু সকলোৰে মতক সমানকৈ গুৰুত্ব দিয়া উচিত।
উৎস সমূহ উদ্ধৃত কৰা
: ৱিকি নিউজৰ সকলো তথ্যৰ উদ্ধৃত দিয়া উচিত, যাতে পঢ়ুৱৈ সকলে ইয়াত পঢ়াৰ উপৰিও প্ৰবন্ধটোৰ সত্যতাৰ প্ৰমাণ চাব পাৰে।
ৱিকি নিউজ প্ৰকৃততে কি
সম্পাদনা কৰক
ৱিকি নিউজত সাম্প্ৰতিক কালৰ ঘটনা সমূহ পৰিৱেশন কৰা হয়। লিখাৰ এসপ্তাহৰ পিছত প্ৰবন্ধটো সুৰক্ষিত কৰি ৰখা হয়। যদি বিষয়টোত নতুন তথ্য যোগ কৰিবলগীয়া হয়, তেতিয়া এটা নতুন প্ৰবন্ধ সৃষ্টি কৰা হয়। পুৰণা প্ৰবন্ধটোত এই তথ্যখিনি যোগ কৰা নহয় আৰু ইয়াৰ কোনো সাল-সলনি কৰা নহয়।
ঘটনাৰ লগত জড়িত নথকা যিকোনো তথ্য ৱিকি নিউজৰ পৰা মোহাৰি পেলোৱা হয় অথবা প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত আলোচনা কৰা হয়। ইয়াৰ উপৰিও প্ৰবন্ধ সমূহৰ নিৰপেক্ষতা আৰু সকলো লোকৰে মন্তব্য সমূহত গুৰুত্ব দিয়া হয়। যদি প্ৰবন্ধটোৰ নিৰপেক্ষতাৰ ওপৰত কোনো সন্দেহ থাকে, তেতিয়া প্ৰবন্ধটোৰ আৰম্ভণিতে এখন জাননী দিয়া হয়।
ৱিকিনিউজৰ প্ৰবন্ধ সমূহত কমেও দুটা উৎস দিব লাগে। যিহেতু, breaking news আৰু মূল সংবাদৰ মাজত পাৰ্থক্য আছে। বিশ্বৰ বিভিন্ন লোকৰ সমজুৱা চেষ্টাৰ ফলত ৱিকি নিউজৰ কোনো এটা প্ৰবন্ধই পূৰ্ণাংগ ৰূপ পায়।
অন্যান্য প্ৰকল্পসমূহ
সম্পাদনা কৰক
ৱিকি নিউজৰ সদস্যসকলে এই ছাইটটো অকল প্ৰবন্ধৰ ওপৰতে সীমিত নাৰাখি এই প্ৰকল্পটোৰ লগত নতুন নতুন পদ্ধতি সংযোগ কৰিছে। ইয়াৰ ভিতৰত হৈছে
অডিঅ' ৱিকি নিউজ
ৱিকি নিউজ ভিডিঅ' ২.০
(বৰ্তমান ইয়াক পৰীক্ষা কৰি থকা হৈছে),
ৱিকি নিউজ প্ৰিণ্ট এডিছন
, আৰু
ৱিকিমেডিয়া ৰেডিঅ'
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
"Wikinews.org Traffic, Demographics and Competitors - Alexa"
(en ভাষাত). www.alexa.com. Archived from
the original
on 18 July 2009
। আহৰণ কৰা হৈছে: 3 January 2019
Joanna Glasner (29 November 2004).
"Wikipedia Creators Move Into News"
. WIRED. Archived from
the original
on 2012-09-17
। আহৰণ কৰা হৈছে: 2007-04-21
Aaron Weiss (10 February 2005).
"The Unassociated Press"
. The New York Times
। আহৰণ কৰা হৈছে: 2007-04-21
Wikinews:Original reporting
Thelwall, Mike and Stuart, David (2007),
RUOK? Blogging Communication Technologies During Crises
, Journal of Computer-Mediated Communication, pp. 523–548, archived from
the original
on 2013-06-30
, আহৰণ কৰা হৈছে: 2012-10-07
6.0
6.1
6.2
Erik Möller:
The history of Wikinews and my role in it
Wikinews.org, accessed July 2, 2010
Archived log entry of the anonymous post
on Meta-Wiki.
Archived log entry of the userpage of User:Fonzy
on the English Wikipedia, which states his real name.
Log entry of User:Fonzy editing this article
on the English Wikipedia.
Wikinews switches to Creative Commons license
11.0
11.1
K.C. Jones (January 14, 2008).
"Wikinews Gets Big Interview: Israeli President Shimon Peres"
Information Week
Rose, Adam (January / February 2009).
"The Wikinews Ace: Why Shimon Peres sat down with David Shankbone"
Columbia Journalism Review
। আহৰণ কৰা হৈছে: 2012-05-11
Asper, Colleen (April 2008).
"David Shankbone with Colleen Asper"
The Brooklyn Rail
বাহ্যিক সংযোগ
সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত
Wikinews
সম্পৰ্কীয় মিডিয়া ফাইল আছে।
Official website
অসমীয়া ৱিকি বাতৰি
Rose, Adam (January / February 2009).
"The Wikinews Ace: Why Shimon Peres sat down with David Shankbone"
Columbia Journalism Review
প্ৰ
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ
প্ৰকল্পসমূহ
ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
ৱিক্সনেৰী
ৱিকিবুক্‌ছ
‎  •
ৱিকি নিউজ
ৱিকিউদ্ধৃতি
ৱিকিস্পিচিজ
ৱিকিভাৰ্চিটী
অসমীয়া ভাষাত উপলদ্ধ প্ৰকল্পসমূহ
অসমীয়া ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
অসমীয়া ৱিকিউদ্ধৃতি
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
Pages using infobox website with unknown parameters
ৱিকি
ৱেবছাইট
ৱিকিমিডিয়া প্ৰকল্পসমূহ
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
ৱিকি নিউজ
বিষয় যোগ কৰক